অসমীয়াৰ ঐতিহ্য গামোচা

গামোচা অসমীয়া জীৱনৰ অপৰিহাৰ্য বস্ত্ৰ | যদিও বঙালী, বিহাৰী,উড়িয়া বহুতে
গামোচা ব্যবহাৰ কৰে |অসমীয়া গামোচাৰ পাৰ্থক্য আছে | অসমীয়া গামোচা সাংস্কৃতিক ক্ষেত্ৰত ব্যবহাৰ কৰা হয় |
সাধাৰণতে অসমীয়া গামোচাৰ চাৰিওফালে ৰঙা বা সেউজীয়া ৰঙৰ পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ হয়| গামোচাৰ নাম আৰু উৎপত্তি সম্পৰ্কে কোনো ঐতিহাসিক সমল পোৱা নাযায়৷ সাহিত্যিকভাৱে ইয়াৰ অৰ্থ হৈছে কোনো বস্ত্ৰৰে শৰীৰ মচা কাৰ্য৷ (গা-শৰীৰ + মচ্)|

কিন্তু অসমীয়া জনজীৱনত গামোচা বহুত ধৰণে ব্যবহাৰ হয়| নামঘৰ ৰ থাপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়৷ নাম গোৱাৰ সময়ত ডিঙিত ওলমাই লোৱা হয় আকৌ বহাগ বিহুৰ সময়ত জ্যেষ্ঠ জনক বিহুৱান দিয়াৰ সময়ত আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট জনক সন্মান যাচিবলৈ গামোচা ব্যবহাৰ কৰা হয়| বিহু নাচিবলৈ পুৰুষে মূৰত ৰঙা ফুলৰ গামোচা বান্ধি লয় | খেতিয়কে গামোচাক কঁকালত বন্ধা টঙালি বা ককালত পিন্ধা কাপোৰ হিচাপেও ব্যৱহাৰ কৰে৷
বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন গামোচা ব্যবহাৰ কৰে | যদিও গামোচাৰ কিছুমান প্ৰকাৰ আছে | পানী-গামোচা,
তামোল-গামোচা,বিহুৱান |


অসমীয়া সমাজত আনাকটা গামোচাৰো ব্যবহাৰ আছে| নামনি অসমত প্ৰচলিত আনাকটা গামোচা | আনাকাটা মানে হৈছে যিখন গামোচা কাটি উলিওৱা নহয়। অৰ্থাৎ তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যবহাৰ নকৰি হাতেৰে সূঁতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা। ইয়াক সাধাৰণতে বিয়া আদিত ব্যৱহাৰ কৰা হয়।

কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয় ৷
ফুল নথকা গামোচাক পানী গামোচা বুলি কোৱা হয় | সৰু ফুলৰ গামোচাক তামোল গামোচা আৰু চেনাইলৈ বোৱা ডাঙৰ ফুলৰ গামোচাক বিহুৱান বুলি কোৱা হয় । আহোম ৰজাৰ দিনৰে পৰা গামোচাৰ প্ৰচলন আছিল |
মজলীয়া কেঁচা সূঁতাৰে তিয়নী গামোচা বোৱা হয় |গা-ধোঁৱাৰ সময়ত পিন্ধে বাবে তিয়নী গামোচা বোলে|
বৰ্তমান বজাৰত মূগাৰ গামোচা ও উপলব্ধ|

অসমীয়া জাতিৰ এই গামোচা খনে পুৰণি কালৰ পৰাই বহু খিনি ঐতিহ্য বহন কৰি আহিছে |