অসমীয়া চলচ্চিত্ৰৰ ইতিহাস

অসমৰ চলচ্চিত্ৰ জগতখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই “জয়মতী ” চিনেমাখনৰ যোগেদি পৰ্দাপন ঘটাইছিল |
১৯৩৫ চনৰ ১০মাৰ্চ | অসমৰ ইতিহাসত এক নতুন যুগৰ সূচনা | এই দিনতে কলকাতাৰ ৰাওনাক চিত্ৰগৃহত (বৰ্তমান “জ্যোতি” চিনেমা) অসমৰ প্ৰথম চিনেমা মুক্তি লাভ কৰে |

“জয়মতী” ভাৰতৰ চতুৰ্থ খন সবাক ছবি | আগৰৱালাদেৱে জাৰ্মানীত চলচ্চিত্ৰ পৰিচালনাৰ প্ৰশিক্ষণ লৈ আহিছিল |
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “জয়মতী কুঁৱৰী” নামৰ নাটকখনৰ ওপৰত তেওঁ চলচ্চিত্ৰ খন নিৰ্মান কৰিছিল | অসমীয়া সমাজ আৰু বুৰঞ্জীৰ সমল লৈ নিৰ্মিত জয়মতীত ৰাছিয়ান চলচ্চিত্ৰৰ মন্তাজ ৰ প্ৰকাশ দেখা পোৱা যায়।
১৯৩৯ চনত মুক্তি পোৱা দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী ’ও জ্যোতিপ্ৰসাদৰ নিৰ্মিত |

ইয়াৰ আগতে ১৯৩৪চনত তেওঁ তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত “চিত্ৰ বন ” নাম দি বাঁহ,কাঠ, কলগছেৰে ষ্টুডিঅ’ সাজি ছবি নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছিল | ১৯৪১ চনত মুক্তি লাভ কৰে তৃতীয়খন অসমীয়া ছবি ৰোহিনী কুমাৰ বৰুৱা পৰিচালিত ‘মনোমতী ’য়ে। তাৰ পাছত পাৰ্বতী প্ৰসাদ বৰুৱা ই ১৯৪৪ চনত নিৰ্মাণ কৰি উলিয়াই চতুৰ্থখন অসমীয়া বোলছবি ‘ৰূপহী ’। ১৯৪৮ চনত ফণী শৰ্মাৰ “ছিৰাজ” ছবি খনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে |
১৯৪৮ চনতে মুক্তি লাভ কৰা সুনীল গাংগুলীৰ প্ৰথম অসমীয়া ধৰ্মমূলক ছবি “সতী বেউলা “ই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে |
১৯৪৯ চনত মুক্তি লাভ কৰা প্ৰবীণ ফুকনৰ ‘পাৰঘাট ’ছবিখনে অসমীয়া ছবিত আগতীয়া টিকট বুকিং প্ৰথা আৰম্ভ কৰে।১৯৬১ চনত মুক্তি পায় লক্ষ্যধৰ চৌধুৰী আৰু

প্ৰবীণ ফুকন পৰিচালিত বুৰঞ্জীমূলক ছবি ‘লাচিত বৰফুকন ’ নামৰ ছবিখন। তাৰ পাছতেই এই একে বছৰতে মুক্তি পায় ড° ভূপেন হাজৰিকা পৰিচালিত সংগীতমধুৰ ‘শকুন্তলা ’। ছবিখন আছিল আংশিক ৰঙীন আৰু ই ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক লাভ কৰে । ইয়াৰ পাছৰে পৰা নিয়মিত ৰূপত অসমীয়া ছবি নিৰ্মাণ হ’বলে আৰম্ভ কৰে। ১৯৬৩ চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ “ইটো সিটো বহুটো” আৰু ১৯৬৯ চনত মুক্তি লাভ কৰা “ডক্তৰ বেজবৰুৱা ” ছবি দুখন হ’ল প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্য হাস্যৰসাত্মক ছবি আৰু প্ৰথম অসমীয়া থ্ৰিলাৰ ছবি। “ডক্তৰ বেজবৰুৱা” ছবিখনে প্ৰথমবাৰৰ বাবে ১৯৬৯ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
এনেদৰে অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাসত নতুন যুগৰ সূচনা হয় |