অসমৰ উজ্বল নক্ষত্ৰ কীৰ্তিনাথ হাজৰিকা

সাহিত্য হ’ল এটা জাতিৰ স্বকীয় পৰিচয়। সাহিত্য অবিহনে কোনো জাতিৰ পৰিচয় দাঙি ধৰা সম্ভৱ নহয়।এই সাহিত্যৰ উজ্বল নক্ষত্ৰ স্বৰূপ হ’ল সাহিত্যিক সকল। সাহিত্য যদি এটা জাতিৰ স্বকীয়তা হয়, তেন্তে সাহিত্যিকসকল হ’ল সাহিত্যৰ গুৰিধৰোঁতা।
অসমীয়া সাহিত্য জগতৰ ভঁৰাল চহকী কৰা বিভিন্ন নক্ষত্ৰসমূহৰ ভিতৰত কীৰ্তিনাথ হাজৰিকাৰ নাম অন্যতম। ৰসাল, সাৱলীল ভাষাৰে সমৃদ্ধ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা কীৰ্তিনাথ হাজৰিকাৰ অবদান সাহিত্যিক জীবন আৰু সাংবাদিক জীবন উভয় দিশতে অনস্বীকাৰ্য।
কীৰ্তিনাথ হাজৰিকাৰ জন্ম হৈছিল ১৯২২ চনৰ ২২ আগষ্টত গোলাঘাট জিলাত।

সাহিত্যিকৰ পিছত সত্যনিষ্ঠা সাহসী সাংবাদিকতাৰ পৰিচয় দাঙি ধৰিছিল হাজৰিকাদেব | সাংবাদিক জগতৰ “পিতামহ” বুলি হাজৰিকাদেবক সম্বোধন কৰিলেও হয়তো ভুল নহ’ব | তেখেত “দৈনিক অসম” কাকতৰ প্ৰতিষ্ঠাপক আছিল। ১৯৬৫ চনৰ পৰা তেওঁ “দৈনিক অসম” কাকতৰ সম্পাদক আছিল | এই সময়ছোৱাতে “অসম বাণী” কাকততো সাংবাদিকতা কৰিছিল। তেওঁ ” দৈনিক অসমীয়া” কাকতৰ উপ -সম্পাদক হোৱাৰ উপৰিও “ৰামধেনু “ৰ লগতো জড়িত আছিল | পৰৱৰ্তী কালত তেওঁ দৈনিক অসমীয়া কাকতৰ সম্পাদক পদতো কাৰ্যনিৰ্বাহ কৰিছিল | তেখেতে ৰচনা কৰা কেইখন মান অনুবাদ গ্ৰন্থ হ’ল – ৰামধেনু, এহেজাৰ এনিশাৰ সাধু, দাপোণৰ দেশত এলিচ,কিতাপৰ বিচিত্ৰ পৃথিবী,গৌতম বুদ্ধ ইত্যাদি | ১৯৮৮ চনত হাইলাকান্দিত
অনুষ্ঠিত ৫৪তম্ অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল |

ইয়াতে তেওঁৰ সৃষ্টিধাৰা সীমাবদ্ধ নাছিল | তেওঁ সাহিত্যৰ মহাসাগৰখনত শিশু উপযোগীকৈও গ্ৰন্থৰ অবদান দি থৈ গৈছে | ফুটুকাৰ ফেন, অলৌগুটি- টলৌগুটি,হুঁচৰিয়ে হাওঁ – এই তিনিখন তেওঁ শিশুৰ কাৰণে লিখা ৰসাল গ্ৰন্থ | অসম আৰু নেতৃত্ব , অসমীয়া সাংবাদিকতা নামে দুখন গ্ৰন্থও তেওঁ প্ৰকাশ কৰিছিল | তেওঁৰ ৰচনাৱলীৰ কাৰণে একেৰাহে ১৯৮৬ চনত বি.ডি গোৱংকা বঁটা, ১৯৮৭ চনত দূৰ্গাৰতন বঁটা, ১৯৮৮ চনত শ্ৰী মন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল | তাৰোপৰি তেখেতে ১৯৮৭ চনত সাহিত্যিক পেঞ্চন সন্মানো লাভ কৰিছিল | ৩ মে ,২০০২ চনত সমগ্ৰ অসমীয়াক এৰি কন্দুৱাই থৈ যোৱা কীৰ্তিনাথ হাজৰিকাৰ দৰে মহান সাহিত্যিক আৰু বলিষ্ঠ সাংবাদিক গৰাকীৰ আজি জন্মতিথিত অশেষ শ্ৰদ্ধাঞ্জলী।