অসমৰ গৌৰৱ আদিল হুছেইন

প্ৰতিভাৰ পৃথিৱীত বহুজনে নিজস্ব কলা-দক্ষতাৰে নিজৰ স্থান দখল কৰি আহিছে | প্ৰত্যেকজনৰে নিজা নিজা প্ৰতিভাৰ এক নিজস্ব শৈলী আছে | এনেকুৱা বিশেষ শৈলীৰে পূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিজন হ’ল অভিনেতা আদিল হুছেইন | আদিল হুছেইন কেৱল জলিউডতে নহয় বাংলা চলচ্চিত্ৰৰ লগতে বলিউড তথা হলিউড জগততো নিজৰ অভিনয় প্ৰতিভাৰে সুকীয়া স্থান দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে |

১৯৬৩ চনৰ ৫ অক্টোবৰত গোৱালপাৰাত জন্মগ্ৰহণ কৰিছিল আদিল হুছেইনৰ দৰে প্ৰতিভাশালী অভিনেতাগৰাকীয়ে | তেখেতৰ পিতৃৰ বৃত্তি আছিল শিক্ষকতা |
সৰুৰে পৰাই এই বিখ্যাত প্ৰতিভাশালী ব্যক্তিজনে নাটক কৰি অভিনয় জগতত নিজৰ যোগ্য স্থান দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল | মহাবিদ্যালয়ত পঢ়ি থকা সময়তে ব্যংগাত্মক নাটকৰ লগতে অসমৰ বিখ্যাত কৌতুকগোষ্ঠী “ভায়মামা”ত বলিউডৰ অভিনেতা সকলৰ ব্যংগাত্মক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ আগত বিপুল সমাদৰ লাভ কৰে |


১৯৯৯ চনত ”অথেল : এ প্লে ইন ব্লেক এণ্ড হোৱাইট ” নাটকৰ বাবে “এডিনবাৰ্গ ফ্ৰিজ” পুৰস্কাৰ লাভ কৰে | তেখেতে দূৰদৰ্শনত “বিবিচি ৱৰ্ল্ড চাৰ্ভিছ ট্ৰাষ্টে” প্ৰযোজনা কৰা “জাচুচ বিজয়” নামৰ ডিটেক্টিভ ধাৰাবাহিকত অভিনয় কৰিছিল |
২০১৭ চনত আদিল হুছেইনে “মাজ ৰাতি কেতেকী” অসমীয়া চলচ্চিত্ৰখনৰ বাবে “National Film Award” লাভ কৰে | আকৌ “মুক্তি ভৱন” চলচ্চিত্ৰখনৰ বাবেও “National Film Award” লাভ কৰে আদিল হুছেইনে |

২০১৮ চনত “মুক্তি ভৱন” চলচ্চিত্ৰখন “IIFA Award”ৰ শ্ৰেষ্ঠ অভিনেতা বঁটাৰ কাৰণে আদিল হুছেইনক মনোনীত কৰা হয় | ২০১৮ চনতে ১৯ আগষ্টত “হোৱাইট উইল পিপলছ ছে” চলচ্চিত্ৰখনত দুৰ্দান্ত অভিনয় কৰাৰ বাবে স্কেভিয়ান দেশৰ বিখ্যাত অভিনেতাৰ সন্মান “আমাণ্ডা” বঁটাৰ বাবে আদিল হুছেইনক মনোনীত কৰাৰোপৰিও নৰৱেৰ হাউগেছুণ্ডত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান প্ৰদানৰ কথা ঘোষণা কৰে | আদিল হুছেইনৰ দৰে বিশাল প্ৰতিভাসম্পন্ন ব্যক্তিক লৈ আজি সমগ্ৰ ভাৰত তথা অসম গৌৰবান্বিত |

Facebook Comments