জন্মাষ্টমী

প্ৰতিবছৰে সমগ্ৰ ভাৰতত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়।  ভগবান শ্ৰী কৃষ্ণ ত্রিভূৱনৰ বিধাতা। কৃষ্ণকথাৰ ওপৰত নিৰ্ভৰ কৰিয়ে জন্মাষ্টমী ধুমধাম কৰি পালন কৰা হয়। জন্মাষ্টমীৰ দিনা কৃষ্ণৰ জন্মস্থান মথুৰা আৰু বৃন্দাবনত কৃষ্ণৰ  ৰাসলীলা দেখুৱাই জন্মাষ্টমী পালন কৰা হয় | কৃষ্ণ দৈৱকীৰ পুত্ৰ আছিল যদিও যশোদা মাতৃয়ে ডাঙৰ দীঘল কৰিছিল | বাল্যকালত দধি চোৰ কৰোতে মাতৃ যশোদাৰ হাতত ধৰা পৰি শাস্তি ভুগিছিল | যাক মহা মহা ঋষি-মুনিয়ে পাবলৈ ধ্যান কৰিছিল সেই ত্ৰিজগতৰ পতি মাতৃ যশোদাৰ ওচৰত মাতৃস্নেহ পাবলৈ নিজে বশ মানিছিল |  সেই সময়ত শ্ৰী কৃষ্ণই কংসৰ অধৰ্ম শেষ কৰিবলৈ বহুতো লীলা কৰিছিল |
           ঠিক তেনেকৈ কৌৰৱসকলৰ অধৰ্ম শেষ কৰিবলৈ মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুন যেতিয়া ভাঙি পৰিছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই যি উপদেশ দিছিল সেয়া ভাগৱদ্ গীতাত উল্লেখ আছে | সেই সকলো বোৰ বাণী তেওঁ কলিযুগত হ’বলগীয়া ঘটনাৰ ওপৰত ভিত্তি কৰিয়ে কৈছিল | ইয়াৰ ভিতৰত শ্ৰী কৃষ্ণই কোৱা শ্লোক হ’ল –
‘যদা যদাহি ধর্মস্য গ্লানি ভবতি ভাৰত।
অভ্যুত্থানমধর্মস্য তদাত্নানং সৃজাম্যহম।
পৰিত্রাণায় সাধুনাং বিনাশয় চ দুষ্কৃতাম।
ধর্ম সংস্থাপনার্থায় সম্ভাবামি যুগে যুগে।’
   অৰ্থাৎ যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হ’ব আৰু সাধুসকলৰ ওপৰত অত্যাচাৰ হ’ব তেতিয়াই ভগৱান শ্ৰী কৃষ্ণই পৃথিৱীত নিজৰ অৱতাৰ ল’ব | ভগৱান শ্ৰী কৃষ্ণৰ অপাৰ মায়া আৰু ধৰ্ম স্থাপনাৰ বাবে মিঠাই, পায়স, দৈ,পৰমান্ন বহুত ভোগেৰে মহাপ্ৰভুৰ প্ৰতি বছৰে  পূজা কৰা হয়  |
Facebook Comments