মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

শংকৰৰ প্ৰিয় শিষ্য ও সুযোগ্য উত্তৰাধিকাৰি মাধৱদেৱৰ আছে অসমীয়া জাতীয় জীৱনলৈ অভূতপূৰ্ব অৱদান ৷ ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ উত্তৰ লখিমপুৰৰ লেটেকুপুখুৰী নমৰ ঠাইত গোবিন্দগিৰি ভূঞা ঔৰসত মনোৰমাৰ গৰ্ভত জন্ম লাভ কৰে মহাপুৰুষ জনাই৷জীৱিকাৰ সন্ধানত পিতৃ বিভিন্ন ঠাই ঘূৰি-ফূৰি পূৰ্বৰ ঠাই বণ্ডুকালৈ যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱক নাম লগাই দিয়ে৷ তাতেই শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠে|

তেওঁ শক্তি পন্থাত বিশ্বাসী আছিল৷ এবাৰ মাকৰ অসুখ হওতে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিয়াৰ মানস কৰি থৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল৷ এই ঘটনা সন্দৰ্ভতে ১৫২২ খ্ৰীঃত তেওঁ ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে শাস্ত্ৰযুদ্ধত প্ৰবৃত্ত হ’বলগীয়া হৈছিল৷ এই বাক্-যুদ্ধতেই শংকৰদেৱৰ যুক্তিৰ ওচৰত সেও মানি তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে৷ এয়াই আছিল গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ আদিক্ষণ| অসমত প্ৰচলিত একনাম সনাতন ধৰ্ম প্ৰচাৰৰ মূল হোতা আছিল মাধৱদেৱ| তেওঁ গুৰুজনাৰ লগত ছাঁটোৰ দৰে থাকি শংকৰবাণী আখৰে আখৰে পালন কৰিছিল |

মহাপ্ৰয়াণৰ আগে আগে গুৰুজনাই মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ ন্যস্ত কৰিছিল৷ ধৰ্মবস্তু প্ৰসাৰৰ ভাৰ লাভ কৰি তেওঁ একান্তভাৱে গুৰুদায়িত্ব পালন কৰিছিল৷ বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদি ঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত ‘বৰপেটা সত্ৰ’ স্থাপন কৰে ৷ যাক দ্বিতীয় বৈকুণ্ঠ ধাম বুলি কোৱা হয় |
তেওঁ জীৱনৰ শেষৰ ফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ আশ্ৰয়ত কোচবিহাৰত আছিল আৰু ভেলা-মধুপুৰ সত্ৰত থকা অৱস্থাত ১৫৯৬ খ্ৰীঃত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে৷ মাধৱদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰি গুৰুৰ আদৰ্শ অনুসৰণ কৰি একশ্ৰেণীৰ উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি কৰি থৈ যায়৷ তেওঁৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰা হয়

আখ্যানমূলক ৰচনাঃ ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্য
তত্ত্বমূলক ৰচনাঃ জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী, নামঘোষা আৰু নাম-মালিকা
নাটঃ পূৰ্ণাংগ অংকীয়া শ্ৰেণীৰ নাটঃ অৰ্জুন-ভঞ্জন আৰু ঝুমুৰাঃ চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন-বিহাৰ মাধৱ্দেৱৰ দ্বাৰা বিৰচিত বুলি পণ্ডিতসকলে থাৱৰ কৰিছে ৷ ইয়াৰ উপৰি আনকেইখনমান নাট; যেনে-ৰাস-ঝুমুৰা, কোটোৰা-খেলা, ভূষণ-হৰণ আৰু ব্ৰহ্মামোহনত মাধৱদেৱৰ নাম সংযুক্ত হৈ আছে৷ নানান অন্তৰংগ আৰু বহিৰংগ কাৰণৰ ভিত্তিত এই নাটকেইখন মাধৱদেৱৰ দ্বাৰা ৰচিত হোৱা নাই বুলি ভাবিবৰ থল আছে৷
গীত : বৰগীত আৰু ভটিমা
এই সাহিত্য সম্ভাৰ সমুহ যেন কৃষ্ণমহিমা আৰু গুৰু বন্দনাৰ সমুদ্ৰ মথি থোৱা অমৃত| যিয়ে অমৰ কৰি ৰাখিছে অসমীয়া সংস্কৃতি |

Facebook Comments